পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৭ )

পাছে পুণ্য যোগে দুয়ো নৃপতি।
বিহাক লাগিয়া কৰি যুগুতি॥
অনেক সম্ভাৰ কৰিলা আতি।
সাতো পৃথিবীৰ আইলা নৃপতি।২০০
ব্ৰহ্মাদি দেৱগণ সবে আইলা।
সাতো পাতালৰ লোক মিলাইলা॥
সবাকো যথাযোগ্যে অৰ্চ্চিলন্ত।
মহা মহোৎসৱে বিহা দিলন্ত॥২০১
লক্ষ্মী-নাৰায়ণ বিহা কালে।
সব নৰ নাগে যৌতুক দিলে॥
ব্ৰহ্মাদি আইল যত দেৱগণ।
সবেও উৎসৰ্গা দিলা তেতিক্ষণ॥২০২
বেদ ধ্বনি কৰে ব্ৰাহ্মণগণ।
মহা ঋষিগণে কৰে হবন॥
দুন্দুভি শঙ্খ বাদ্য আছে যত।
বজাইলা ৰাম-সীতা বিবাহত॥২০৩
ব্ৰহ্মাণ্ড ভৰিল তাহাৰ ধ্বনি।
চৌদিশে ‘জয় ৰাম’ ধ্বনি শুনি॥
লক্ষ্মী নাৰায়ণ বিবাহ দেখি।
তৃষ্ণা নখণ্ডিল কাহাৰো আখি॥২০৪
স্বৰ্গ পৃথিবীত পাতাল পুৰে।
গাইবাক লৈলা তাকে নিৰন্তৰে॥