পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘোষা॥ ৰাম ৰাম ৰঘুপতি।

পদ।

বশিষ্ঠৰ বাক্য মানি।
দুখে ৰাজা দিলা আনি॥
নিয়ো ৰাম লখমণ।
মোহোৰ জীৱন-ধন॥১২৭
আমাৰ তনয় নয়।
তোমাৰেসে পুত্ৰ হয়॥
এহি বুলি নৰনাথে।
অৰ্পিলন্ত হাতে হাতে॥১২৮
ঋষি আনন্দিত মন।
লৈয়া ৰাম-লখমণ॥
শীঘ্ৰ কৰি লৰি গৈলা।
সৰযু নদীক পাইলা॥১২৯
তাতে স্নান কৰাইলন্ত।
দুয়ো ভাইক বুলিলন্ত॥
কিবা অস্ত্ৰ-শস্ত্ৰ লৈয়া।
ৰাক্ষস মাৰিবা গৈয়া॥ ১৩০
শুনি পাছে দুয়ো ভাই।
প্ৰণামি বুলিলা পাৱ॥
আপুনিয়ে মুনিৰাজ।
শিখায়ে সমস্ত কাজ॥১৩১