পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩১)

হেন শুনি বিশ্বামিত্ৰ।
ভৈলা মহা আনন্দিত॥
মন্ত্ৰে সমা প্ৰহৰণ।
শিখাইলন্ত সংহৰণ॥১৩২
সব ধৰ্ব্বেদ পাইলা।
দুয়ো ভাই ৰঙ্গ ভৈলা॥
পাছে পথ অনুক্ৰমে।
চলে ঋষি নিজাশ্ৰমে॥১৩৩
যি বনে তাৰকা আছে।
সেই বন পাইলা পাছে॥
নেদেখি লোকৰ গতি।
পুচিলন্ত ৰঘুপতি॥১৩৪
ইটো বন কাৰ হয়।
লোক কেনে নৰহয়॥
শুনি ঋষি বোলে বাণী।
কহিবো সকলোখানি॥১৩৫
তাৰকা ৰাক্ষসী নাম।
আতে আছে জানা ৰাম॥
ঘোৰ নিশাচৰী তাই।
সমস্ত লোকক খায়॥১৩৬
মাৰিবাক পাৰা যেবে।
বহু পুণ্য পাবা ভেবে॥