পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৯ )

ৰাম-লক্ষ্মণক   দিয়া দুই ৰাজা
কিঞ্চিতো নকৰি ভয়॥
সাক্ষাতে ঈশ্বৰ   অৱতাৰ ভৈলা
তযু গৃহে মহাশয়॥
আনন্দিত মনে   ঋষি দুই ভাই
শিখাইৱন্ত ধনুৰ্ব্বেদ।
অবিলম্বে কাৰ্য্য   সাধিব ঋষিৰ
নলগায়ো হৃদি খেদ॥১২৫
শুনা সৰ্ব্বজন   ৰামৰ কীৰ্ত্তন
ভজিয়ো ৰামৰ পাৰ।
যত ধন-জন   জীৱন-যৌৱন
সকলে সপোন প্ৰায়।
আগ পাছ কৰি   গৈল যমপুৰি
তুমিকি জীবাহে ভাই।
সত্বৰ কৰিয়া   ৰাম ৰাম বুলি
খাণ্ডায়ো যমৰ দায়॥১২৬


⸻⸻