পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৮ )

কৃতাঞ্জলি হৈয়া  আসনে বসাই
 বুলিবে লৈলা নৃপতি।
তুমি পৰিপূৰ্ণ  তোমাৰ কি কৰ্ম্ম
 কৰিবো কৈয়ো সম্প্ৰতি॥ ১২২
হেন শুনি হাঁসি  ঋষিয়ে বোলন্ত
 শুনা দশৰথ ৰায়।
আমাৰ যজ্ঞক  ৰাক্ষসে বিধ্বংসে
 কৰিতে শকতি নাই॥
সিহেতু আমাক  শ্ৰীৰাম চন্দ্ৰক
 দিয়ো ৰাজা এতিক্ষণ।
ৰাক্ষস সংহৰি  যজ্ঞ সাঙ্গ কৰি
 দিবোহু ৰাম-লক্ষ্মণ॥ ১২৩
হেন শুনি ৰাজা  দশৰথ মাথে
 পৰিল যেন নিৰ্ঘাত।
ভয়-শোক পাইল  চেতন হৰিল
 মুখত নাহিকে মাত॥
বশিষ্ঠে আশ্বাস কৰিলা ৰাজাক
 প্ৰবোধ বুলিল মাতি।
এৰা চিন্তা জ্বৰ  শুনা নৃপবৰ
 পঠায়োক ৰঘুপতি॥১২৪


  নিৰ্ঘাত-বজ্ৰপাত।