পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৭ )

মেঘখণ্ড যেন আকাশে আসিয়া
 যজ্ঞভূমি আৱৰিল।
দেখি মুনিগণে মহা ভয় মনে
 তেতিক্ষণে অন্তৰিল॥
এহিমতে বিশ্বা- মিত্ৰে মহা যজ্ঞ
 বাৰম্বাৰ আৰম্ভয়।
ঘৃত গন্ধ পাই ৰাক্ষস আসিয়া
 তান যজ্ঞ বিনাশয় ॥১২০
কিমতে যজ্ঞক সমাপতি কৰোঁ।
 মনে গুণি মুনিৰায়।
সুখ শান্তি নাই তাহান সদায়
 পাইলন্ত পাছে উপায়
দশৰথ ঘৰে বিষ্ণু মহেশ্বৰ
 অৱতাৰ ধৰিছন্ত৷
সমস্ত পালিব দুষ্ট সংহাৰিব
 তেন্তে প্ৰভু ভগৱন্ত॥১২১
এহিমনে গুণি বিশ্বামিত্ৰ মুনি
 দশৰথ ঘৰে গৈল।
দেখি নৃপবৰ   পাদ্য অৰ্ঘ্য লৈয়া
 মুনিৰ পাৱ অৰ্চ্চিলা॥