পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২০ )

তুমি পিতৃ-মাতৃ বন্ধু-বান্ধৱ আমাৰ।
হুয়োক প্ৰসন্ন প্ৰভু খণ্ডায়ো নিকাৰ॥
দেৱতাৰ স্তুতিত প্ৰসন্ন চক্ৰপাণি।
তাসম্বাক চাই স্নেহে বুলিলন্ত বাণী॥৯৩
কোনে তোমাসাৰ তেজ হৰিল সকল।
শুনিয়ো দেৱতা সব দেৱ অখণ্ডল।
কিসক কৰিলা তুতি কহিয়ো এখন।
শুনি বৃহস্পতি নমি বুলিলা বচন॥৯৪
শুনিয়োক ভকত বৎসল দেৱ হৰি।
দশগ্ৰীৱ হেতু ৰাজ্যে ৰহিতে নপাৰি॥
তুমি তাক যেবে প্ৰভু নকৰা সংহাৰ।
তেবে নষ্ট ভৈল সৃষ্টি সমস্ত সংসাৰ॥ ৯৫
হেন শুনি হাঁসি মাতিলন্ত নাৰায়ণ।
আগে গৈয়া বান্দৰত জন্মা দেৱগণ॥
ময়ো চাৰি ৰূপে হৈবো দশৰথ ঘৰে।
জনকৰ ঘৰে লক্ষ্মী চলিয়ো সত্বৰে॥৯৬
এহি বুলি অন্তৰ্ধ্যান ভৈলা নাৰায়ণ।
দেৱগণো বান্দৰত ভৈলা উতপন।
দশৰথ ৰাজা পাছে যজ্ঞ আৰম্ভিলা।
দেৱ ঋষি ব্ৰহ্ম ঋষি সবহি আসিলা॥৯৭


সবহি—সকলোৱে।