পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১)

যজ্ঞৰ সম্ভাৰ দেখি বিস্ময় মিলিল।
ৰাজ বিধিৱতে সমস্তকে সমৰ্পিল॥
ব্ৰহ্মা আদি দেৱগণ যতেক আসিলা।
অদ্ভুত পুৰুষ এক কুণ্ডতে উঠিলা। ৯৮
হাতত পায়স পাত্ৰ ধৰি কাঞ্চনৰ।
চাই আছে দেৱ ঋষিগণ নিৰন্তৰ॥
ঋষ্যশৃঙ্গ হাতে সমৰ্পিলা সিটোজন।
আদৰ কৰিয়া লৈলা বিভাণ্ড নন্দন॥ ৯৯
ঋষ্যশৃঙ্গে দিলা নিয়া দশৰথ হাতে।
নমস্কাৰ কৰি লৈলা পৃথিবীৰ নাথে॥
পৰম আনন্দে ৰাজা অন্তঃপুৰে নিল।
ভুঞ্জিয়োক বুলি দুই মহাদৈক দিলা॥ ১০০
কৌশল্যা কৈকেয়ী দুই আনন্দিত ভৈলা।
সুবৰ্ণ পাত্ৰত থৈয়া ভুঞ্জিবাক লৈলা॥
পাছে সেহি বেলা সুমিত্ৰায়ে দেখিলন্ত।
কিবা খাহা বাই বুলি বাক্য পুচিলন্ত॥১০১
শুনিয়া দুহান্তো আতি স্নেহ ভৈল মনে।
দুয়ো দুই ভাগ কৰি দিলা তেতিক্ষণে॥
তিনিয়ো আনন্দ কৰি পাছে ভুঞ্জিলন্ত।
ৰাজাৰ ঔৰসে তিনি গৰ্ভ ধৰিলন্ত॥১০২


তে পিণ্ডপ্ৰাশনে কালে সুমিত্ৰায়ৈ মহীপতে।
পিণ্ডাভ্যামল্লমল্লংতু স্বভাগিন্যৈ প্ৰবচ্ছতঃ।