পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৯ )


ঘোষা॥

হৰি ৰাম ৰামচন্দ্ৰ ৰাম ভদ্ৰ হৰি।
তুমি সে ঈশ্বৰ ভকতৰ ভয়হাৰী॥

যি কালত দশৰথে যজ্ঞ আৰম্ভিলা।
তাতো আগে শুনা যেন এক কথা ভৈলা॥
দশগ্ৰীৱ ৰাৱণ যে মহা দুষ্টশীল।
তিনিয়ো ভুৱন সিটো নিশ্ৰীক কৰিল॥৮৯
যাৰ যত ঐশ্বৰ্য্য সমস্তে লৈল কাঢ়ি।
দশ দিগপালগণ পলাইলন্ত ডৰি॥
যতেক সুন্দৰী সিটো পাইলে ত্ৰিভুৱনে।
সমস্ত নিলেক কাঢ়ি দুৰ্জ্জয় ৰাৱণে॥৯০
পিতৃ-দেৱতাৰ পূজা যতেক কৰয়।
সমস্তকে বলে কাঢ়ি আপুনি ভুঞ্জয়॥
তিনিয়ো ভুৱনে ৰণ ফুৰে কুণ্ডুৱাই।
ইন্দ্ৰ আদি দেৱৰো পূৰিত ঠাই নাই॥৯১
সিহেতু একত্ৰ হুয়া দেৱ নিৰন্তৰে।
কৃষ্ণক চিস্তিবে লৈলা ক্ষিৰোদধি তীৰে॥
নমোঁ মহা পুৰুষ পৰম মহেশ্বৰ।
তোমাৰ কিঙ্কৰ আমি দেব নিৰন্তৰ॥৯২


কণ্ডুৱাই-লগাই, খুজি।