পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৫৫ )

মোত তোৰ সদা দৃঢ় ভকতি থাকোক।
এহি মানে বোলোঁ বাপ নকৰিবি শোক॥
হনুৰ গলত ধৰি প্ৰভু কান্দিলন্ত।
প্ৰলয় পৰ্য্যন্তে হনুমস্তক থৈলন্ত॥১০৮১
যাত্ৰা কৰি প্ৰভু পাছে কুশ হন্তে লৈলা৷
বাল্য বৃদ্ধ প্ৰজা যত আসি লাগ ভৈলা॥
লক্ষণৰ খোজে খোজে প্ৰভু লড়িলন্ত।
সৰযূৰ তীৰে তীৰে উজাই যাৱন্ত॥১০৮২
কহিত আছাস বাপু লক্ষণ ভৈয়াই।
এহি বুলি কান্দি কান্দি যান্ত গেড়িয়াই।
কত দূৰে দেখন্ত লক্ষ্মণ বসি আছে।
পাইলোঁ পাইলোঁ বুলিয়া লৱড় দিলা পাছে॥১০৮৩
কিসক নমতা মোৰ প্ৰাণৰ ভৈয়াই।
এহি বুলি সাৱটি ধৰিলা ৰঘুৰায়।
দেখন্ত শৰীৰে জীৱ নাই মৰা শৱ।
সেহি মতে পৰি মূৰ্চ্ছা গৈলন্ত ৰাঘৱ॥১০৮৪
চেতন লভিয়া বহু কান্দিল মূৰাৰি।
সংক্ষেপ পদত তাক কহিতে নাপাৰি॥
বশিষ্টৰ প্ৰবোধে জুড়াইল ৰঘুপতি।
লখাইৰ দহা কাজ কৰিলা সম্প্ৰতি॥১০৮৫


দহ-কাজ দহ-শুদ্ধি।