পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৫৬ )

পাছে বশিষ্ঠক মাতি বুলিলা বচন।
স্বৰ্গে চৰোঁ মঙ্গল্য কৰিয়ো বিপ্ৰগণ॥
শুনি ধূপ দীপ পূৰ্ণ কুম্ভ থাপিলন্ত।
প্ৰভু ৰামে সৰযূত স্নান কৰিলন্ত॥১০৮৬
ধৌত বস্ত্ৰ পিন্ধি শুদ্ধ ভৈলা মোহ ছাৰি।
ব্ৰহ্মাদি ত্ৰিদশ দেৱ আইলা আগ বাঢ়ি॥
বাদ্য ভণ্ড নৃত্য কৰে জয় ৰাম ধ্বনি।
অসংখ্য বিমান ৰৈল আকাশক চানি॥১০৮৭
সবেয়ো বোলয় প্ৰভু নিয়া তযু থান।
ৰাঘৱে ব্ৰহ্মাক পাছে দিলা সমিধান॥
শুনিয়োক সৰ্ব্বলোক তেজি আন কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥১০৮৮

ঘোষা। জয়তি ৰাঘৱ ৰঘুনন্দন।
লগতে নিলা যত প্ৰজাগ

পদ

ব্ৰহ্মাক বোলন্ত ৰাঘৱে চাই।
যতেক প্ৰজা মোৰ জীৱ প্ৰায়॥
মোতে আশা কৰি আছয় আসি।
জানিয়া স্থান দিয়ে অবিনাশি। ১০৮৯


চানি-জুৰি।