পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৫৪ )

ঘোষা॥ জয়ৰাম ৰাঘৱ ৰাঘৱ ৰামজয়।
বৈকুণ্ঠক যাইবে সাজ ভৈলা
কৃপাময়॥

পদ

বান্দৰ ভালুক যত আছে নিৰন্তৰ।
সবেয়ো জানিল স্বৰ্গে যান্ত ৰঘুৱৰ॥
জাম্বুৱন্ত সুগ্ৰীৱ বিভীষণ হনুমন্ত।
নল, নীল প্ৰমুক্ষে বান্দৰ অপৰ্য্যন্ত॥১০৭৭
চতুৰ্ভিতি বেঢ়ি আসি পৰিয়া কান্দয়।
তিলেকো নিজীবো তুমি বিনে কৃপাময়॥
এতেকে তোমাৰ সঙ্গে নিয়োক আমাক।
যৈতে থাকা তৈতে সেৱা কৰিবো তোমাক॥১০৭৮
শুনি সমস্তকে অশ্বাসিলা ৰঘুবৰে।
যিসবে আমাক নেৰা যাইবা নিৰন্তৰে॥
এত থাকে যিসব ভালুক কপিলোক।
মনুষ্যৰ ভাষে আৰ কেহো নোবোলক॥১০৭৯
আশ্বাসিয়া থৈলা বিভীষণ জাম্বুৱক।
পাছে প্ৰবোধিলা প্ৰভু বায়ু তনয়ক॥
তোৰ ঋণ লাগি ৰৈল মোত হনুমান।
সুজিবাক নপাৰিলোঁ এক তিলমান॥১০৮০