পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৫৩ )

কুশাৱতী আশ্ৰৱতী পাতিয়া নগৰ।
দুই নগৰত দুই থৈলা ৰঘুৱৰ॥১০৭১
দুহাঙ্কো গলত বান্ধি কান্দিলা ৰাঘব।
অল্পতে মাউৰা ভৈলি তেজি গেল মাৱ॥
কৰিবাক নপাইলোহোঁ মই প্ৰতিপাল।
হৰি হৰি বিধি কিনো অভাগ্য কপাল॥১০৭২
দুইৰো দুই কুটুম্ব আৱৰ আন নাই।
দ্বন্দ্ব বাদ নকৰিবা দুই গুটি ভাই॥
আবে দুই পুতাই পৰিছেদা দেহ মোক।
তোমাসাক এৰি মই যাওঁ পৰলোক॥১০৭৩
এতেক বোলন্তে শোক অগনি উধাৱে।
গলা-গলি কৰি কালে তিনি বাপ পোৱে॥
বশিষ্ঠৰ বোলে প্ৰভু সন্ধুক্ষণ ভৈলা।
থুৰাহৰ মন্তে শত্ৰুঘণক আনাইলা॥১০৭৪
তাহানো গলত ধৰি কান্দিলা বিস্তৰ।
লখাইৰ বৃতান্ত যত কৈলা নিৰন্তৰ॥
ময়ো স্বৰ্গে যাওঁ বাপ থাক শত্ৰুঘণ।
শুনি শত্ৰুঘণে কান্দি বুলিলা বচন॥১০৭৫
তিলেকো নিজীবো দদা এৰিয়া তোমাক।
যদি স্নেহ আছে লগে নিয়োক আমাক॥
শুনি ৰামে বুলিলন্ত তোৰ যেনে মন।
ৰাম ৰাম বুলিয়োক সভাসদগণ॥১০৭৬