পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৩ )

শাপি ভস্ম কৰি মোক কৰিয়োক হিত।
হেন শুনি দুয়ো পৰিলন্ত পৃথিবীত॥
পুল্ৰৰ শৱক ধৱি কান্দিলা অপাৰ৷৫৯
আবেসে জানিলোঁ ভৈল মৰণ আমাৰ॥
পাছে কতক্ষণ কান্দি কান্দি দুয়োজন।
নৃপতিক সম্বুধিয়া বুলিলা বচন॥৫৯
আমি যেনে মৰোঁ পুল্ৰ-শোকে দুই প্ৰাণী।
ভয়ো পু্ল্ৰ-শোকে মৰ শুনৰে অজ্ঞানী॥৬০
শাপ শুনি কিঞ্চিত আনন্দ নৃপবৰ।
কৰযোৰে দুহন্তক দিলন্ত উত্তৰ॥
অপুল্ৰক কেনে শোক হৈবেক আমাৰ।
কেন মতে ঋষি-শাপ ঘটিব তোমাৰ॥৬১
হেন শুনি বাক্য বুলিলন্ত মহামতি।
ঋষ্যশৃঙ্গ অনি যজ্ঞ কৰিবি সম্প্ৰতি॥
তান্ত হন্তে বিষ্ণু আসি হৈব অৱতাৰ।
সেই পুল্ৰ-শোকে মৃত্যু হৈবেক তোমাৰ॥৬২
এহি বুলি দুয়োজনে তেজিলন্ত প্ৰাণ।
হৰিষে বিষাদে ৰাজা গৈলা নিজ থান॥
কতো কাল দশৰথ আছে ৰাজ্য কৰি।
অসুৰে জিনিয়া লৈল দেৱতাৰ পুৰি॥৬৩
নাহিকে ৰক্ষাৰ থান দেখি দেৱগণ।
অজনন্দনত আসি পশিল শৰণ॥