পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৪০)

এহি মতে কত কাল  আছন্ত ৰাঘৱ প্ৰভু
 কৌশল্যা প্ৰমুক্ষে মাতৃ যত।
বলবন্ত কাল-দেৱে  সংহাৰিলা, মৰি মৰি
 উঠিলন্ত স্বৰ্গ ভুৱনত॥১০১৯
অনন্তৰে যুদ্ধাদিত্যে  বাৰ্ত্তা কহি পঠাইলন্ত
 সন্ধ্যৱ যে গন্ধৰ্ব্বৰ ৰাজা।
তিনি কোটি সৈন্য লৈয়া  থাকি সিন্ধু নদীতীৰে
 পীড়য় সমস্ত দেশ প্ৰজা॥
তাক মাৰি সেহি স্থানে  ৰাজ্য পাতিয়োক বুলি
 ৰামে পঠাইলন্ত ভৰতক।
তক্ষক পুস্কৰ দুই  তনয়ক লগে লৈয়া
 কত দিনে পাইলা মথুৰাক॥১০২০
সসৈন্যে ভৰত গৈলা  যুদ্ধাদিত্য লাগ লৈলা
 ভাগিনে মাতুলে এক হুয়া।
তিনি কোটি গন্ধৰ্ব্বক  সংহৰি নিঃশেষ কৰি
 দুয়ো পাৰে নগৰী পাতিয়া॥
তক্ষক পুস্কৰ দুই  পুত্ৰক থাপিয়া তাতে
 আছিলন্ত কত দিন মান।
পুনৰ্ব্বাৰ অয্যোধ্যাক  আসিয়া সমস্ত কথা
 কহিলন্ত ৰাম বিদ্যমান॥১০২১