পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৩৯)

অনন্তৰে ৰামে  যজ্ঞ সাঙ্গ কৰি
 দিলা বস্ত্ৰ-অলঙ্কাৰ।
হাৰা মৰকত  সুবৰ্ণ ৰজত
 বিলাইলা প্ৰভু অপাৰ॥১০১৭
সমস্ত প্ৰজাক  অদৰিদ্ৰ কৈলা
 অশ্বমেধ যজ্ঞ কৰি।
লৱক কুশক  গলেক বান্ধি পুনু
 আসিলা অযোধ্যা পুৰি॥
অনন্ত বদতি  নমো ৰঘুপতি
 তযু পদ অনুপাম।
ৰৌক মোৰ মতি  সমাজে সম্প্ৰতি
 ডাকি বোলা ৰাম ৰাম॥১০১৮

ঘোষা॥ প্ৰণামোঁ ৰাঘৱ ৰাম
 প্ৰণামোঁ ৰাঘৱ ৰাম
 প্ৰণামোঁ ৰাঘৱ ৰাম হৰি।
 ইটো সংসাৰত ভাল
 নাহি কাৰো চিৰকাল
 দেখাইলা মনুষ্য নাট কাৰ॥

ছবি।

সীতাৰ সন্তাপে প্ৰভু  নযাৱন্ত গৃহ হন্তে
 সদায় নুগুছে হৃদি-খেদ।
হা সীতা বান্ধৈ বুলি  ফোকাৰন্ত সৰ্ব্বক্ষণে
 নেত্ৰৰ পোতক নাহি ছেদ॥