সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৪১)

শুনিয়া আনন্দ ভৈলা  পাছে বুলিবাক লৈলা।
  শ্ৰীৰঘুনাথ কৃপাময়।
চন্দ্ৰকেতু, অঙ্গদক  লক্ষণৰ পুত্ৰ দুইক
  কৈত থান দিবো কহা ভাই॥
ভৰতে কহিলা কাজ মল্লভূমি ভাল ৰাজ
  আৰো কৈলা শিখৰ ভূমিক।
কৰত লক্ষণ দুইকো  পঠাই দিলন্ত ৰামে
  লগে নিলা দুই তনয়ক॥১০২২
ৰামৰ আদেশে গৈয়া  দুয়ো বীৰে সিস্থানত
 দুইখান নগৰ নিৰ্ম্মিলা।
দুই নগৰীত দুই  পুত্ৰক থাপিয়া ভালে
  পুনু ৰাম পাশে আসি ভৈলা॥
ৰামত কহিলা কাজ  শুনি পাছে ৰঘুৰাজ
  আনন্দ লভিল বহুতৰ।
পাছে শত্ৰুঘ্নক মাতি বুলিলা ৰাঘৱ প্ৰভু
  লগে লৈয়ো দুগুটি কুমৰ॥১০২৩
চতুঙ্গ দলে বাপু  শীঘ্ৰ কৰি চলি যাহা
  মথুৰা যে নগৰক প্ৰতি।
লৱণ অশুৰ মাৰি  দুই পুত্ৰ থাপিয়োক
  মোৰ বাক্য ৰাখিয়ো সম্প্ৰতি॥

১৬