পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৩৮)

ইটো অৱতাৰে  নপাইবা সীতাক
 পালিয়ো দুই তনয়॥
পৰম আনন্দে  আছন্ত জানকী
 পাতালবাসী পূজয়॥
বাল্মীকিৰ কৃত্য  ৰামায়ণ শুনি
 পাইবা তাৰ পৰিচ্ছেদ।
তুমি নতোহন্তে  ৰামায়ণ হৈছে
 কিসক কৰিয়ো খেদ॥১০১৫
শুনি ৰামচন্দ্ৰে ঋষিক বোলন্ত
 শুনিবো কালি বৃতান্ত।
লৱৰ কুশৰ  হাতত ধৰিয়া
 সভা-ভাঙ্গি উঠিলন্ত॥
দুগুটি পুত্ৰক  গলত বান্ধিয়া
 কৰিল নিশি শয়ন।
সীতাৰ সন্তাপে  নিদ্ৰা নপাইলন্ত
 কৰন্ত মাত্ৰ ক্ৰন্দন॥১০১৬
প্ৰভাতে উঠিয়া  সভাত বসিয়া
 শুনিলা পাছ কথাক।
সমাপত কৰি শুনিবে চাহান্তে
 বাল্মীকি দিলন্ত হাক॥