পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৩৭)

এহি মতে শৰ  ভিৰিয়া গৰ্জ্জন্ত
 কম্পি গৈল চৰাচৰ।
দেখি ব্ৰহ্মাদেৱে  আগ ভেণ্টিলণ্ট
 তেখনে আসি হুঙ্কাৰ॥১০১২
এৰা এৰা ক্ৰোধ  ব্ৰহ্মায়ে বোলন্ত
 শুনিয়োক ৰঘুপতি।
সমস্ত জগত  তোমাৰ স্ৰজনা
 তুমি ভকতৰ গতি॥
তুমি নতোহন্তে  ৰামায়ণ হৈছে
 ক্ৰোধ কৰা কি কাৰণ।
ব্ৰহ্মাৰ আদেশে  ধনু-শৰ থৈল৷
 ব্ৰহ্মা গৈলা নিজ স্থান॥১০১৩
ৰামে লৱ কুশ  গলত বান্ধিয়া
 বসিলন্ত সিংহাসনে।
জানকীৰ শোক  সন্তাপ নুগুছে
 ফোকাৰন্ত ঘনে ঘনে॥
হা সীতা সীতা  বোলন্ত সদায়
 লোতকৰ নাহি ছেদ।
পাতালৰ পৰা  নিকলিল বাণী
 ৰাঘৱৰ জানি খেদ॥১০১৪