পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৩৬)

হা প্ৰাণেশ্বৰী  জনক জীয়াৰী
 গৈলি মোক পৰিহৰি।
পাছে পৃথিবীক  কাতৰ কৰন্ত
 প্ৰভু কৰযোৰ কৰি॥
শুনিয়ো পৃথিবী  সীতাৰ সম্বন্ধে
 তোমাৰ আমি জোঁৱাই।
মোত ৰোষে সীতা  তযু পাশে গৈল
 দিয়োক পুনু পঠাই॥১০১০
এহি মতে বহু  কাতৰ কৰন্ত
 নেদন্ত ভূমি উত্তৰ।
ক্ৰোধ কৰি পাছে  ৰাঘৱ মুৰাৰী
 ধৰিলন্ত ধনু শৰ॥
হাওৰে দুৰ্জ্জনী  পৃথিবী অজ্ঞানী
 পাইলি দেখোঁ বৰ লাই।
সীতা নিলে শাশু  কিসৰ সম্বন্ধে
 তে৷হোৰ মই জোঁৱাই॥১০১১
ঘোৰ শৰ মাৰি  তোহোক বিদাৰি
 আনিবো সীতা তুলিয়া।
জীবি যেবে দেস  এখনে সীতাক
 আপোন মান্য ৰাখিয়া॥