পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৩৫ )

পিতৃক সাৱটি লৱ-কুশে কান্দে
 আৰ্ত্তৰাৱ আতি কৰি।
সীতাৰ সন্তাপে সমস্ত সমাজে
 কান্দন্ত পৰি বাগৰি॥১০০৭
ক্ষেণেকে চেতন পায়া ৰঘুনাথে
 নেদেখি সীতা সভাত।
ইহাতে আছিলি বুলি প্ৰাণেশ্বৰী
 বুলাৱন্ত প্ৰভু হাত॥
বোলন্ত লখাই শীঘ্ৰে লাগ লওঁ
 কোনেবা হৰিলে সীতা।
বুকে ঘাৱ মাৰি কোনে নিলে হৰি
 বিচাৰিয়ো চতুৰ্ভিতা॥১০ ০৮
বাপু হনুমন্ত লঙ্কাত বিচাৰ
 ৰাৱণে নিলেক হৰি।
তোহোৰ নিমিত্তে  পূৰ্ব্বতো লভিলোঁ
 সীতা শান্তী প্ৰাণেশ্বৰী॥
শুনিয়ো সুগ্ৰীৱ আমত কহিয়ো
 সীতা কোন লৈয়া গেল৷
আবেসে জানিলোঁ হৰি হৰি বান্ধৈ
 মোৰ আশা ছেদ ভৈল॥ ১০০৯