পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৩৪ )

এহি বুলি চিত্ত দৃঢ় কৰিয়া।
স্বামীৰ পাৱত নমিলা গৈয়া॥
হৃদয ক্ষেদত বুলিলোঁ যিবা
বোলন্ত ইদোষ সব ক্ষেমিবা।১০০৪
এবে প্ৰভু ৰাজ্য ভুঞ্জিয়ো ভালে।
কৰিলো মেলানি চলোঁ পাতালে॥
এহি বুলি খাটে উঠিল যাই।
ব্যাকুলে সমস্তে আছন্ত চাই॥১০০৫
মেঘত যেহেন চন্দ্ৰ লুকাইলা।
তিলেকতে সীতা পাতালে গৈলা॥
কহয় অনন্তে ৰাম কাহিনী।
হৰি হৰি বোলা সমস্ত প্ৰাণী॥১০০৬

————



জন্মেদং ব্যৰ্থতং নিত্যং ভবতোগোপভোগিণাং।
কাঁচ মূল্যেন বিক্ৰীতোহস্তচিন্তামণিমৰ্যা॥

ঘোষ॥ ৰাম ৰাঘৱ  ভকত বান্ধৱ
  ৰাঘৱ ৰঘুনন্দন।
সীতাৰ বিৰহে  স্ত্ৰীসঙ্গে দুখ
 দেখায়া কৈল ক্ৰন্দন॥

দুলড়ী।

সীতা যে পাতালে গৈলন্ত ৰাঘৱ
 দেখিয়া বিহ্বল ভৈলা।
শোকে অন্ধকাৰ দেখি ৰঘুপতি
 সিংহাসনে মুৰ্চ্ছা গৈলা॥