পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৩৩ )

ধৰিছে চাৰি কন্যা চাৰি ভিতি।
দেখি সমাজৰ ভৈল বিচূৰ্ত্তি॥
পাছে পৃথিবীৰ সাদৰ দেখি।
উঠিলা সীতা মুছি মুখ আখি॥৯৯৯
ব্ৰহ্মাদি দেৱক কৰিয়া নতি।
সমস্ত ঋষিক কৰি প্ৰণতি॥
নমি কৌশল্যাক বোলন্ত বাণী
সম্পিলো দুগুটি পুত্ৰ গোসাঁনী॥১০০০
দুখীয়া পুতাইক পালিয়ো ভালে।
যি ভৈল গোসাঁনী মোৰ কপালে॥
আমাত স্বামীৰ সঞ্জাত নাই।
পুত্ৰ বুলিবন্ত কমন দাই।১০০১
লৱক কৃশক গলত বান্ধি।
আকলে বিকলে আছিলা কান্দি॥
বোলন্ত পালিবে নপাইলো দুইক।
দৈবে দণ্ডিলেক জানিবি মোক॥১০০২
কন্দল নকৰি দুগুটি ভাই।
একত্ৰে বঞ্চিবি কাল গোৱাই॥
পৰিচ্ছেদা মোক চায়োক ভালে।
কুলক্ষিণী সীতা চলো পাতালে।১০০৩


সঞ্জাত-সজাত, বিশ্বাস৷
গোৱাই- কটাই