পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২১৯ )

শ্ৰীৰামত অনুৰাগ দেখিলা প্ৰজাৰ।
ৰাজ্য দিব লাগি মন ভৈলেক ৰাজাৰ॥৯৩১
শ্ৰীৰামক ৰাজ্য দেই কৈকেয়ী জানিলা।
সত্য পাশে দশৰথ ৰাজাক চাণ্ডিলা॥
ৰামক পঠাই চৈধ্য বৰিষ বনক।
ভৰতক লাগি মাগি লৈলেক ৰাজ্যক।৯৩২
ৰাম সীতা লখমণ বনক চলিলা।
চিত্ৰকূটে বাসা কৰি তহিতে ৰহিলা॥
দশৰথে পুত্ৰ শোকে প্ৰাণ ছাড়িলন্ত।
ভৰতে আসিয়া তান কৃত কৰিলন্ত॥৯৩৩
চিত্ৰকূটে আনিবাক গৈলন্ত ৰামক।
নাসিলন্ত পলটাই পঠাই ভৰতক॥
পাছে তৈৰ হন্তে প্ৰভু পঞ্চবটী গৈলা।
তহিতে ৰাৱণ আসি সীতাক হৰিলা॥৯৩৪
অশোক বনত থৈলা সিঙ্খপাৰ তলে।
অমৃত পায়স নিয়া দিলে অখণ্ডলে॥
সীতাক বিচাৰি বনে বনে ৰঘুগতি।
সুগ্ৰীৱ সহিতে পাছে ভৈলা মিত্ৰৱতি॥৯৩৫
বালি বধ কৰি হেলে সমুদ্ৰ তৰিলা।
ৰাৱণক মাৰি সীতা পৰীক্ষা কৰিলা॥


চাণ্ডিলা-বান্ধিলে।