পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৭১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১৮)

দেখি স্নেহে দুইকো বুলিলন্ত ৰঘুপতি।
কোন ঋষি শিষ্য তোৰা কাহাৰ সন্ততি॥
কাৰ কৃত্য ৰামায়ণ কাহাত শিখিলা।
বাল্মীকিৰ শিষ্য আমি দুহান্তে বুলিলা॥ ৯২৬
তাৰে কৃত্য ৰামায়ণ অমৃত পৰায়।
তাহানে আজ্ঞাত দেশে দেশে ফুৰোঁ গাই॥
গায়ো কিছু বুলি ৰামে বুলিলা বচন।
হেন শুনি পুনু গাইবে লৈলা দুয়ো জন॥৯২৭
সাক্ষাতে ঈশ্বৰ ৰাম ভৈলা অৱতাৰ।
দেখি ৰাজা প্ৰজা আনন্দৰ নাহি পাৰ॥
ৰামক নিলন্ত পাছে বিশ্বামিত্ৰ ঋষি।
ৰাক্ষস মৰাই যজ্ঞ কৰিল হৰিষি॥৯২৮
নিলন্ত ৰামক বিশ্বামিত্ৰে মিথিলাক।
ধনুভঙ্গ কৰাই বিহা কৰাইলা সীতাক॥
ভৰত লক্ষ্মণ শক্ৰঘ্ণ কুমৰক।
আসম্বাকো তিনি কন্যা দিলন্ত জনক॥৯২৯
অযোধ্যাক যান্তে পাছে ৰাম মহেশ্বৰ।
গৰ্ব্ব চুৰ কৰিলন্ত পৰশু ৰামৰ॥
মহোৎসৱে গৈয়া পাছে অযোধ্যা পশিলা।
নৃত্য-গীতে বাদ্য ভণ্ডে মাঙ্গল্য কৰাইলা॥৯৩০
এহি মতে চাৰি পুত্ৰ বিবাহ কৰাই।
আনন্দতে ৰাজ্য ভুঞ্জে দশৰথ ৰায়॥