পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৭৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২২০)

পাছে অযোধ্যাক প্ৰভু সসৈন্যে আসিলা।
দেখিয়া প্ৰজাৰ মনে আনন্দ মিলিলা॥৯৩৬
ভৰত প্ৰমুখ্যে পাত্ৰ মন্ত্ৰী আলোচিল।
শুভক্ষণে শ্ৰীৰামক ৰাজ্য জোকাৰিল॥
কৌশল্যা প্ৰমুখ্যে মাতৃ সবাৰো আনন্দ।
পুত্ৰৱতে প্ৰজা পালি আছে ৰামচন্দ্ৰ॥৯৩৭
জানকী সহিতে প্ৰভু ভুঞ্জিল ভুকুতি।
এহি মতে আনন্দে আছন্ত ৰঘুপতি॥
পাছে লোক বাদ শুনি জগত নিবাস।
গৰ্ভ সমে জানকীক দিলন্ত নিৰ্ব্বাস॥৯৩৮
পৰম কৃপালু ৰাম গুণৰ আশ্ৰয়।
জানকীৰ কৰ্ম্মে তেহোঁ ভৈলা যম প্ৰায়॥
দুখুনী সীতাক পাছে বাল্মীকি পাইলন্ত।
আশ্ৰমক নিয়া জীউ বোধে পুসিলন্ত॥৯৩৯
ঋষি পত্নী সবে তাঙ্ক আৱৰিয়া আছে।
উপজিল ষৱঞ্জা কুমৰ দুই পাছে॥
জাত কৰ্ম্ম মানে ঋষি ৰাজে কৰিলন্ত।
এহি সাত কাণ্ড ৰামায়ণ পঢ়াইলন্ত॥ ৯৪০
সীতা পুত্ৰ লৱ-কুশ আমি দুই ভাই।
ঋষিৰ আদেশে ৰামায়ণ ফুৰোঁ গাই॥
হেন শুনি সমাজে কৰয় জয় জয়।
গীততে জানিলা সবে সীতাৰ তনয়॥৯৪১