পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২১৭ )


তেহেঁ বিহাইলন্ত বহু সুন্দৰী।
প্ৰধানা ভৈলা তিনি পটেশ্বৰী॥
কৌশল্যা কৈকেয়ী সুমিত্ৰা নাম।
ৰমিলা ৰাজা পূৰি মন কাম॥৯২২
তিনিতো চাৰি পুত্ৰ ভৈলা জাত।
কৌশল্যাত ৰামচন্দ্ৰ সাক্ষাত॥
কৈকেয়ী জন্মাইলা ভৰত নাম।
সুমিত্ৰা দুই পুত্ৰ অনুপম॥ ৯২৩
এহি মতে পুত্ৰ ভৈলা ৰাজাৰ
ৰামত অধিক স্নেহ প্ৰজাৰ॥
যাতো পৰম ব্ৰহ্ম ৰাম ঈশ্বৰ।
হৰি হৰি বোলা সমস্ত নৰ॥৯২৪

ঘোষা॥ নমো ৰাম ৰাম,ৰাম ৰাম ৰাম।
কৌশল্যা নন্দন ৰাম, গুণে অনুপম॥

পদ।

লৱৰ কুশৰ ৰামে শুনিয়া গীতক।
আনন্দে মগন ধন দিলা দুহন্তক॥
দেখি দুই ভাই হাঁসি বুলিলা বচন।
আমি বনবাসী আত নাহি প্ৰয়োজন॥৯২৫