পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১৬)

শুনি ৰামে পাছে লখাইক চাই।
বোলন্ত অনায়ো আমাৰ ঠাই॥৯১৬
শুনিয়া লক্ষ্মণে দূত পঠাই।
অনাইলা লৱ-কুশ দুই ভাই॥
দেখয় লোকে আতি সুকুমাৰ।
সব অঙ্গে ৰাম চন্দ্ৰ আকাৰ॥৯১৭
নয়ন মুখ বাহু বক্ষঃস্থল।
যেন দৰ্পণৰ ছাঁয়া সকল॥
সমস্ত লোকে কৰে কাণাকাণি।
ৰামৰ পুত্ৰ হেন মনে মানি॥৯১৮
ৰামৰো স্নেহৰ নাহিকে অন্ত।
আলিঙ্গিয়া যেন ধৰিবে চান্ত॥
অনন্তৰে দুইকো বুলিলা ৰাম।
শুনিছোঁ গায়ন তোৰা উত্তম॥৯১৯
গায়োক শুনু তোৰা দুই গীত।
কোন ৰামায়ণ কাহাৰ কৃত॥
শুনি দুই ভাইৰ আনন্দ ভৈল।
তাল যন্ত্ৰ ধৰি ৰাগক দিল॥৯২০
প্ৰথমে আদিকাণ্ড ৰামায়ণ।
তাৰ ঘোৰ মন্ত্ৰে গায় দুইজন॥
সূৰ্য্যবংশে দশৰথ ভৈলন্ত।
তাৰ সম কেহোঁ ৰাজা নোহন্ত॥ ৯২১