পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২১৫ )


সভাত আছে বিষ্ণু ভগৱন্ত।
যজ্ঞ, ভাগ হাতে হাতে লৈলন্ত॥ ৯১১
সবাকো দানে মানে ভূষিলন্ত।
বৎসৰেক মানে দান দিলন্ত॥
নৃত্য গীত মহা বাদ্য বজাইলা।
দুঃখী ভিক্ষী দেশান্তৰী ভৰিলা॥৯১২
নাহি আৰ কাৰো ধনত ৰঙ্গ।
এহিমতে যজ্ঞ কৰিলা সাঙ্গ॥
ইকথা আবে এহি মানে থওঁ।
শুনিয়োক লৱ-কুশ-কথা কওঁ॥৯১৩
বাল্মিকীৰ আজ্ঞা ধৰি শিৰত।
ৰামায়ণ গাই ফুৰে লোকত॥
কোকিলৰ স্বৰে যেন মোহিত।
এৰি অন্ন প্ৰজা শুনয় গীত॥৯১৪
ৰামৰ আগত সবে কহয়।
কৈৰবা শিশু দুই শুভ তনয়॥
ৰামায়ণ গাই ফুৰে লোকত।
যেহেন অমৃত সিঞ্চে কৰ্ণত॥৯১৫
ত্ৰিভুৱনে যত সঙ্গীত আছয়।
ই দুই সমান কেহোঁ নহয়॥


সিঞ্চে-সিছে, ছটিয়ায়।