পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২১৪ )


অপুনৰ্জ্জন্মনি জন্ম লভতে ভাৰতে নৰঃ।
তত্তৎ কৰোতি বিফলং সশোচ্যঃ সৰ্ব্বজন্তুযু॥

ঘোষা॥

ৰাম ৰঘুপতি কৰুণাময়।
শৰণ পশিলোঁ দিয়ে নিৰ্ভয়॥

পদ

বশিষ্ঠে বোলয় শুনা ৰঘুৰায়।
সভাৰ্য্যেসে যজিবাক লাগয়॥
শুনি ৰঘুনাথ ভৈলা চিন্তাৰিষ্ট।
দেখিয়া ভৰত কাৰ্য্যে বিশিষ্ট॥৯০৮
সুবৰ্ণৰ সীতা দিলন্ত আনি।
সাক্ষাতে জানকী নাহি মাত্ৰ বাণী॥
দেখিয়া শ্ৰীৰামে বিকল ভৈলা।
জানকীক স্মৰি কান্দিবে লৈলা॥৯০৯
বশিষ্ঠে প্ৰবোধ কৰিলা মাতি।
তেবেসে শান্ত ভৈলা ৰঘুপতি॥
পৃজিলে যত আছে দেৱগণ।
সৰে পূজা আসি লৈলা তেখন॥৯১০
ব্ৰহ্মাৰূদ্ৰ দুইকো পূজা কৈলন্ত।
দুয়ো দেৱে হাত পাতি লৈলন্ত॥