পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৫১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৯৮ )


ঘোষা॥ ৰাম জগজীৱ  ৰাম জগজীৱ
 ৰাম জগজীৱ স্বামী।
পশু-পক্ষী যত  তোমাৰ ভকত
 সি ভৈল বৈকুণ্ঠগামী॥

 দুলড়ী।
ৰাৱণ ৰাজাই  পাছে সৈন্যচৰ
 অৱশেষ যত পাইল।
অস্ত্ৰ শস্ত্ৰ দিয়া  বীৰক চাহিয়া
 যুঁজক পঠায়া দিল॥
দুৰ্ঘোৰ সমৰে  উভয় দলৰ
 লাগি গৈল ধুমাজয়।
আঞ্জোৰে কামোৰে  দুৰ্জ্জন বানৰে
 ৰাক্ষস কৰিল ক্ষয়॥৮৪৩
শ্ৰীৰামে গন্ধৰ্ব্ব  বাণক প্ৰহাৰি
 মাৰিলা ৰাক্ষস কুল।
লঙ্কাৰ ভিতৰে  ৰোল উঠি গৈল
 ক্ৰন্দনৰ হুলুস্থুল॥