পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৯৭)

শ্ৰূৰামে দেখিলা সব জৰ্জ্জৰিত
 ফুলি আছে শৰীৰক।
হা হা বাপু তোৰ  বিপত্তি কৰিলোঁ
 কান্দে ধৰি লক্ষ্মণক॥৮৪০
ইন্দ্ৰজিত যুদ্ধে  পৰিল যিক্ষণ
 ত্ৰৈলোক্য কম্পিল আতি।
সাতো স্বৰ্গ ভেদি  জয় লখমণ
 সিঞ্চিল পুষ্প সম্প্ৰতি॥
ৰাৱণৰ আগে  বাৰ্ত্তা পৰি গৈল
 ইন্দ্ৰজিত পৰিবাৰ।
শুনিল মাত্ৰকে  ঢলিয়া পৰিল
 উজ্জ্বল সিংহাসনৰ॥৮৪১
চেতন লভিয়া  গুণক বৰ্ণায়া
 আৰ্ত্তৰাৰে কান্দে পৰি।
পাছে ক্ৰোধ কৰি  সীতাক কাটিবে
 খেদি যাই দড়দড়ি॥
অবিন্ত মন্ত্ৰীয়ে  যুগুতি বুলিয়া
 পলটাইল ৰাৱণাক।
শুনা সৰ্ব্বলোক  আন তেজিয়োক
 শুনিয়ো ৰাম কথাক॥৮৪২