সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৯৬)

এহি বুলি বেগে  লক্ষ্মণক লৈয়া
 ক্ষণেকে লাগ পাইলেক।
বান্দৰ সকলে  যজ্ঞৰ সম্ভাৰ
 সমস্ত লুড়ি খাইলেক॥
যজ্ঞ কৰিবাক  নপাই ঈন্দ্ৰজিতে
 কোপ কৰিলেক আতি।
বিভীষণক যে  অনেক দুৰ্ব্বাক্য
 বুলিলেক মন্দ মতি॥৮৩৮
শুনি লক্ষণৰ  শৰীৰ নসহে
 দিলন্ত অস্ত্ৰৰ জাক।
সিয়ো ধনু ধৰি বহু শৰ সঙ্গ
 প্ৰহাৰিলে লক্ষণক॥
পাছে দুয়ো দিব্য  অস্ত্ৰ প্ৰহাৰিয়া
 দুইৰো দুই সংহাৰিল।
এহি মতে নৱ  দিন নৱ ৰাত্ৰি
 দুৰ্ঘোৰ ৰণ মিলিল॥৮৩৯
পাছে সূৰ্য্য মুখ  অস্ত্ৰ প্ৰহাৰিয়া
 তাৰ মাথা ছেদিলন্ত।
বিভীষণ সমে  পৰম আনন্দে
 বাম পাশে আসিলন্ত॥


 লুড়ি-লুটি।