সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৯৫)

তাহাকো দুৰ্ঘোৰ  সংগ্ৰাম কৰিয়া
 শ্ৰীৰামদেৱে মাৰিল॥
মকৰাক্ষ যেবে  ৰণত পৰিল
 ৰাৱণায়ে শুনিলেক।
ৰাৱণীক ৰাজা সম্বোধন কৰি
 ৰণক পঠাই দিলেক॥৮৩৫
সিয়ো গৈয়া মায়া-  সীতা কাটি ৰণ
 কৰিলে হনু সহিত।
হনু তাক ৰণে  ভঙ্গ কৰি শোকে
 গৈলন্ত ৰাম সন্নিত॥
বিবৰ্ণ বদনে  ৰামৰ আগত
 সীতাৰ বাৰ্ত্তী কহিলা।
শোক সাগৰত  মগ্ন ভৈলা প্ৰভু
 বিভীষণে প্ৰবোধিলা॥৮৩৬
বোলন্ত ই কথা  সবে মায়াময়
 তোমাক মাত্ৰ বঞ্চিল।
এহি চলে সিটো  নিকুম্ভিলা বট
 তলে যজ্ঞ আৰম্ভিল॥
শীঘ্ৰ কৰি মোক  লক্ষ্মণক দিয়ো
 তবে হবে কাৰ্য্য ভাল।
ইহানে হাতত  সিটো পাপিষ্টৰ
 অৱশ্যে হৈবেক কাল॥৮৩৭