পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১০ )

এতেকে নিন্দন এৰিয়োক।
মোৰ দোষ সবে ক্ষেমিয়োক॥
কহয় অনন্ত মূঢ়মতি।
হৰি হৰি ঘুষিয়ো সম্প্ৰতি॥৪৪

————

ঘোষা॥ হৰি ৰাম ৰাম জয় জয় ৰাম॥

পদ।

আনন্দে আছন্ত দশৰথ মহাৰায়।
বশিষ্ঠাদি পাত্ৰগণ সঙ্গত মিলাই॥
সাতো পৃথিবীৰ সব লন্ত কৰ দণ্ড।
পুত্ৰৱতে পালন্ত সমস্ত ভূমিখণ্ড॥৪৫
দুঃখী ভিক্ষু দেশান্তৰী আসে নিৰন্তৰ।
সমস্তকে দান মান কৰে নৃপবৰ।
একদিনা ধনু ধৰি ঘোটকত চৰি।
মৃগয়া কৰিতে ৰাজা গৈলা দড়াদড়ি॥৪৬
সৰযু নদীৰ তীৰ বনে পশি ৰায়।
মাৰিলন্ত অনেক পৱিত্ৰ পশুচয়॥
সেহিবেলা মহা এক অন্যায় মিলিল।
শুনিয়োক যেন মতে ব্ৰাহ্মণ বধিল॥৪৭


উভফোল-ফোল (আকোৰা ভাগ) ওপৰৰ ফালে মুখ কৰি থকা অৰ্থাৎ শৰ থিয় হৈ থকা।