সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২২৪ )

চাৰিয়ো বিস্তৰ মতে প্ৰবোধ বুলিল।
শুনি সীতা গোসানীৰ অগ্নি উথলিল॥৯৫৬
বন বাস দুখ মাৱ সুমৰি সুমৰি।
চাৰিৰো আগত কান্দিল আতি কৰি॥
কতোক্ষণে সীতা দেবী শোক তম্ভাইলন্ত।
আখি মুখ মুছি তাসম্বাক বুলিলন্ত॥৯৫৭
কিসক আমাক তোৰা কৰা উতপাত।
আৰো কিবা ৰাঘৱত আছয় সঞ্জাত॥
তান ঘৰে আৰো মই বোলাইবো ঘৰিণী।
মোত পৰে তেবে কোন আছে নিলাজিনী॥৯৫৮
মই নিজ কৰ্ম ভুঞ্জোঁ আন কোন খেদ।
তান মোৰ জানা এহিমানে পৰিচ্ছেদ॥
ইমান দুখত আমি নমৰিলোঁ জানি।
ইবাৰ কাটিব স্বামী হাতে খাণ্ডা হানি॥৯৫৯
আৰ নুবুলিবা বাপু চাৰি হন্তে যাহা।
পুনৰ্ব্বাৰ মাতা যেবে মোৰ মাথা খাহা॥
হেন শুনি চাৰি বীৰে মাথা চপৰাই।
ৰামৰ কাৰুণ্য কৈলা বাল্মীকিৰ ঠাই॥৯৬০
মই ভৈলোঁ জামাই তান সীত ভৈলা জীউ।
যেন তেন মতে আনি ৰাখন্তোক জীউ॥


জাতিস্কাৰ-পিন্ধি উৰি শুৱনি। তম্ভাইলন্ত-থমালে।