পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৯ )

শুনি ৰাজা বুলিলন্ত বাণী।
ৰোহিণীৰ দৃষ্টি এৰা জানি॥৩৮
মোৰ ৰাজ্যে হৌক বৰিষণ।
শুনি শনি বুলিলা বচন॥
এৰিলোঁ যায়োক নৰেশ্বৰ।
শুনি ৰাজা আসিলা সত্বৰ॥৩৯
শনি দৃষ্টি যেখনে এৰিল।
মেঘে তেতিক্ষণে বৰিষিল॥
জলে ভৰি গৈল পৃথ্বি তল।
শস্যে পৰিপূৰ্ণ সব স্থল॥৪০
খণ্ডি গৈল প্ৰজাৰ নিকাৰ।
কৌতুহল মিলিল ৰাজাৰ॥
এহিমতে আছে নৰেশ্বৰ।
শুনিয়োক সভাসদ নৰ॥৪১
উনমত্তে হৰি গুণ বড়ে।
তাক এৰে কোন সাধু নৰে॥
পদক নিন্দন কৰা যেবে।
পাষণ্ড মৰ্দ্দন দেখা তেবে॥৪২
অন্ত্যজে ৰচিছে যিটো গীত।
তাকো সবে শুনিতে উচিত॥
কহিলন্ত শ্ৰীমন্ত শঙ্কৰে।
জানি শুনিয়োক সৰ্ব্ব নৰে॥৪৩