পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৭৯ )


ৰাম লক্ষ্মণক মাৰি আনগৈ এখন।
শুনি সিয়ো গৈয়া লগাইলেক ঘোৰ ৰণ॥
অসংখ্য বান্দৰ সিটো কৰিলেক নাশ।
হনুযে পৰ্ব্বত হানি নিল যম পাস॥৭৬৩
পাছে অকম্পনক পাঠালে লঙ্কেশ্বৰ।
সিয়ো গৈয়া মাৰিলেক অনেক বান্দৰ॥
তাৰ পৰাক্ৰম দেখি মাৰুতি নসৈলা।
বৃক্ষৰ প্ৰহাৰে তাকো যম পুৰে থৈলা॥৭৬৪
বান্দৰৰ সিংহনাদ শুনিল ৰাৱণ।
বজ্ৰদংষ্ট্ৰ বীৰক পঠাইল তেতিক্ষণ॥
সিয়ো মহা বলৱন্ত ৰাক্ষস দুৰ্ব্বাৰ।
দুৰ্ঘোৰ সমৰে কপি মাৰিল অপাৰ॥৭৬৫
সুগ্ৰীৱে আপুনি বাট ভেন্টিলেক তাৰ।
পৰ্ব্বত মুণ্ডত মাৰি নিলা যম-দ্বাৰ॥
বজ্ৰ দংষ্ট্ৰ পৰিল ৰাৱণ শুনিলেক।
মনে সাৰ কৰি প্ৰহস্তক পাঞ্চিলেক॥৭৬৬
সমদলে সাঁজি সিয়ো ৰণ ঝপাইলেক।
উভয় দলৰ বহু সৈন্য পৰিলেক।
তাক দেখি নীল সেনাপতি ধাই গৈলা॥
পৰ্ব্বতৰ শৃঙ্গ হানি মাৰিয়া পেহলাইলা॥৭৬৭


পাঞ্চিলেক-পঠালে।