পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৮০ )


সেনাপতি প্ৰহস্ত পৰিল যেবে ৰণে।
শোকে দুখে আৰ্ত্ত ভৈল দুৰ্জ্জন ৰাৱণে॥
পাত্ৰ সব মিলাই আনি আলোচিল কাজ।
আপুনি ৰণক নযাই কৰিলোঁ অকাজ॥৭৬৮
এহি বুলি পাত্ৰ পুত্ৰ ভৃত্য সমন্বিতে।
চলি গৈল ৰাৱণ যুদ্ধক সমভৃতে॥
সমদলে লঙ্কাহন্তে বাদ্য বজাৱন্ত;
ৰামদেৱে দেখি বিভীষণত পোছন্ত।৭৬৯
কোন কোন বীৰগণ চিনিয়োক মিত্ৰ।
প্ৰচণ্ড প্ৰভাৱে আসে আমাক যুঁজিত॥
বিভীষণে দেখাৱৰ অঙ্গুলী নিৰ্দ্দেশি।
কাঞ্চনে মণ্ডিত ৰথে আসে যিটো বসি।৭৭০
অতি নীল বৰ্ণ দেহ দেখিতে সুন্দৰ।
যাক ভয়ে সুৰ সিদ্ধ নাগ তৰতৰ॥
ইন্দ্ৰক ইঙ্গিতে যিটো ভঙ্গ কৰিছয়।
এহি ইন্দ্ৰজিত শ্ৰেষ্ঠ ৰাৱণ তনয়॥৭৭১
তাহাৰ সন্নিতে চলে সুবৰ্ণৰ ৰথে।
ধনুক টঙ্কাৰি যিটো আসে গৰজন্তে॥
পৰ্ব্বত সমান চৰা এহি অতিকায়।
দেৱাসুৰ নাগ সবে শৱদে পলায়॥৭৭২


সন্নিত-ওচৰ।  টঙ্কাৰ-ধনু টানি কৰা শব্দ।