পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৭৮)

ঘোষা। জগতৰ গুৰু ৰাম দেৱ দয়াময়।
ৰাক্ষসক মাৰি দিলা দেৱক নিৰ্ভয়॥

পদ।

পুনু মুৰ্চ্চা গৈলা প্ৰভু লক্ষ্মণৰ শোকে।
আৰ্ত্তৰাৱে কান্দয় বেঢ়িয়া কপিলোকে॥
এতহন্তে বায়ু আসি কৰ্ণে জপিলন্ত।
আপুনি ঈশ্বৰ তুমি প্ৰভু ভগৱন্ত॥৭৫৯
কিসক আপুনি আছা চেতন হৰাই॥
বায়ুৰ বচনে সুস্থ ভৈলা ৰঘুৰায়॥
পাছে গৰুড়ক স্মৰিলন্ত দেৱহৰি।
তেখেনে গৰুড় আসি ভৈলা চপকৰি॥৭৬০
গৰুড়ক দেখি নাগ পাশ হোঁসকিল।
দুয়ো ভাই সুস্থ ভৈল আনন্দ মিলিল॥
গৰুড়ো গৈলন্ত দুয়ো ভাইক নমি ঘৰে।
কুতূহল মিলি গৈল সব বান্দৰৰে॥৭৬১
নৃত্য গীত ৰিঙ্গ ঝাণ্টি আকৰ্ণ শৱদ।
লঙ্কাত চমক ভৈল ৰাক্ষস তবধ॥
ৰাম লখমণ জীল জানিয়া লঙ্কেশ।
ধূম্ৰাক্ষ বীৰক ৰাজা কৰিলা আদেশ॥৭৬২