পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৭৭ )

পাছে বুলিলন্ত সীতা ত্ৰিজটাক চাই।
কোনো কুলক্ষণ মোৰ এক অঙ্গে নাই॥৭৫৪
শুনহ ত্ৰিজটা কেনে ভৈলোহো বিধবা।
ত্ৰিজতা বোলয় মাৱ বিধৱা নোহোৱা॥
জিজ্ঞাসি চাহিলো তযু স্বামীক জানকী।
মৃতকৰ মুখ হেন নোহে ভক ভকি॥৭৫৫
শৰ বন্ধে পীড়িত হুই আছে দুই ভাই।
এতিক্ষণে উঠিৱন্ত নকান্দিবি আই॥
হেন নানা বচনে সীতাক বুজাইলেক।
যান পলটায়া পুনু থানক গৈলেক॥৭৫৬
কতো বেলি পাছে ৰাম সন্ধুক্ষণ ভৈলা।
শৰীৰৰ তেজ দুই হাতে মলছিলা॥
লখাইক দেখিলা শৰীৰত জীৱ নাই।
গলে বান্ধি কান্দিলন্ত অনেক বৰ্ণাই॥৭৫৭
মুৰুখ অনকে কয় দেখা দেখা ভাই।
সংসাৰৰ মোহমায়া কেনেকে মেৰায়॥
এতেকেতে সৱে ভজা প্ৰভুৰাম পদ।
তেবেসে এৰাইবা জানা সংসাৰ বিপদ॥ ৭৫৮