পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৭৬)

যাহাৰ নিমিত্তে তযু হৃদি স্থিৰ নাই।
পঠাইলোঁ মাৰিয়া সিটো গৈল যমালয়॥
হেন শুনি ৰাৱণে ধৰিয়া হাত মেলি।
শিৰত চুম্বন দিলা ধন্য ধন্য বুলি॥৭৪৯
তাহাকে বিস্তৰ চাটু বুলিয়া পঠাইল।
আবে কি কৰিবো বুলি মনতে ভাবিল॥
ৰাম মৰি গৈল বুলি আতিকে উৎসাহ।
আবে সীতা ভাৰ্য্যা হব মনে কৰে সাহ॥৭৫০
ত্ৰিজটাক মাতিয়া আনিল তেতিক্ষণ।
শুনহ ত্ৰিজটা ধৰ মোহোৰ বচন॥
যি কাৰণে সীতা মোক কৰে অৱমান।
তাহাক মাৰিল পুত্ৰে গৈল যম-থান॥৭৫১
হুই নুই মৃত্যুকক দেখক আপুনে।
পুষ্পকত তুলি সীতা নিয়োক এখনে॥
ৰাৱণৰ আজ্ঞায়ে সীতাক তুলি লৈল।
ৰথ বাহি তেতিক্ষণে ৰণভূমি পাইল॥৭৫২
পুষ্পকৰ পৰা সীতা দেবী দেখিলন্ত।
ৰাম লখমণ দুয়ো পৰিযা আছন্ত॥
তেজে তোল বোল গাৱে নাহিকে চেতন।
দেখি সীতা মূৰ্চ্ছা গৈয়া পৰিল তেখন। ৭৫৩
কতো বেলি চেতন লভিয়া সীতা শান্তী।
বহুগুণ বৰ্ণায় বিস্তৰ কান্দে সতী॥