পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৮ )

কতোক্ষণে লভিলা চেতন।
পাচে ৰাজা বুলিলা বচন॥
কিবা মোৰ পিতৃ পিতামহ।
তুমি কোন পক্ষী মোত কহ॥৩০
জটায়ু সমস্তে কহিলন্ত।
দুইকো দুই সখি কৰিলন্ত॥
অন্যো অন্যে কৰিলন্ত মান।
দশৰথ যুৰিলন্ত যান॥৩১
পুনৰ্ব্বাৰ গৈল শনি-পাশ।
দেখি শনি ভৈলা মহাত্ৰাস॥
ইটো কিনো তেজৱন্ত জন।
মোৰ দৃষ্টিত ৰহিল জীৱন॥৩৫
বোলে শনি পাচক বাযোক।
শীঘ্ৰে আগ হন্তে শুচিয়োক॥
মোৰ দৃষ্টি অতি গুৰুতৰ।
মুণ্ড ছিণ্ডি আছে গণেশৰ॥৩৬
আমি যাতো সূৰ্য্যৰ নন্দন।
তুমি সেহি কুলে উতপন॥
এতেকেস ৰহিল জীৱন।
কহিয়োক যেন প্ৰয়োজন॥৩৭
তুষ্ট হুয়া দিব মই বৰ।
শীঘ্ৰে বুলিয়োক নৰেশ্বৰ॥