পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৭

হেন শুনি হনু-  মন্তে বুলিলেক
 শ্ৰীৰামৰ দূত আমি।
জম্বুদ্বীপ হয়ে  সীতা অন্বেষণে
 পঠাইলন্ত মোক স্বামী॥৬২২
অনন্তৰে ৰাজা  বোলয় কিসক
 মাৰিলি মোৰ সেনাক।
হনুৱে বেলন্ত  শত্ৰু যদি হয়
 কেনে বা এৰিকে তাক।
হেন শুনি ৰাজা ক্ৰোধ কৰি বোলে
 কাটি কৰ খণ্ড খণ্ড।
বিভীষণে বুলি-  লন্ত শুনা দাদা
 দূতৰ নোহে ই দণ্ড॥ ৬২৩
শুনি ৰাৱণাই  আদেশ কৰিয়া
মাৰালে কিলৰ জাক।
হনুমন্তে পাছে  বুলিবে লাগিলা
 ক্ৰোধ কৰি ৰাৱণাক।
শুনৰে অধম  দুৰ্জ্জন ৰাৱণ
 তোহৰ ৰঙ্গ বিস্তৰ।
এতিক্ষণে তোক  মাৰিবাক পাৰো
 নভৈল আজ্ঞা ৰামৰ ॥৬২৪
শুনা সভাসদ  ৰামায়ণ পদ
 ৰামৰ চৰণে ধৰি।