পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ৰাম বিনে আন  কৃপালু দেৱত
 নাহি জানা তাঙ্ক সৰি।
পশু পক্ষী নৰ  বান্দৰ তৰিল
 লৈয়া তন গুণ-নাম॥
কহয় অনন্তে  জানি সব সত্তে
 ডাকি বোলা ৰাম ৰাম॥৬২৫


ঘোষা। ৰাম ৰঘুনাথ দেৱ ৰাম ৰঘুনাথ দেৱ
 ৰাম ৰঘুনাথ দেৱ দেৱ।
কৰিয়ো ভকতি দান তুমি বিনে নাহি আন
 তোমাৰ চৰণে কৰে সেৱ॥
ৰাৱণে বোলয় শুনা  সব পাত্ৰ মন্ত্ৰীগণ
 কিমত কৰিবোদণ্ড আক।
যেন এক দিন ৰয়  ৰামে দেখি দুখ পায়
 সেহি দণ্ড কৰিবো ইহাক॥
সবে মন্ত্ৰী বোলে ৰায়  বান্দৰৰ লাঞ্চ প্ৰায়
 সমস্তু অঙ্গতে শ্ৰেষ্ট হয়।
কাললৈয়ো সঞ্চৰৌক  তৈল ঢালি কাপোৰক
 মেৰায়া লাঙ্গলে দিয়ো জুই॥৬২৬