এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৩৮ )
প্ৰভাততে দশগ্ৰীৱ আইলা সীতা-ঠাৱে।
বহুবিধ মিনতি বোলয় নানা ভাৱে॥৫৮৭
শুনা প্ৰাণেশ্বৰী সীতা জনক নন্দিনী।
ত্ৰিভুৱনে তোৰ সম নাহি কোনো জনী॥
মই ত্ৰৈলক্যৰ জানিবিহি স্বামী বৰ।
বনবাসী ৰাম তপসীক পৰিহৰ॥ ৫৮৮
মন্দোদৰী আদি মোৰ যত পটেশ্বৰী।
সবাহাঙ্কে দিবোহুঁ তোমাৰে দাসী কৰি॥
সুবৰ্ণে মাণিকে তনু মণ্ডিবো তোমাৰ।
মই দাস ভৈলো ৰাখা প্ৰাণক আমাৰ॥৫৮৯
হেন শুনি সীতা শান্তী অধোমুখ কৰি।
বুলিলা কটুৰ কৰি সহিতে নপাৰি॥
মই পতিব্ৰতাৰ জানস অগ্নি আখি।
অধৰ্ম্মৰ ফলে বেটা যাবি তুই নাশি॥৫৯
মোৰ অলঙ্কাৰ তেবে সমস্ত হৱয়।
তোৰ দশ শিৰ যেবে ৰাঘৱে কাটয়॥
ৰাম-মত্ত-সিংহ তই শৃগাল দুৰ্জ্জন।
গৰুড় ভাৰ্য্যাক কাকৰাৰ হোৱে মন॥৫৯১
তিৰী চোৰ পাপিষ্ঠ হাড়ীৰ লাথি খোৱা।
গলে হাণ্ডি বান্ধি মৰ মাৰ্গ তলে যোৱা॥
হেন শুনি ৰাৱণ ক্ৰোধিয়া খেদি যায়।
মন্দোদৰী ৰাখিলন্ত অনেক বুজাই॥৫৯২