পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১৩৭ )


ৰাম পাৱে কৰি কাম।
বেঢ়ি বোলা ৰাম ৰাম॥

⸻⸻


ঘোষা॥ ৰঘুপতি ৰাম কৰোহোঁ প্ৰণাম

পদ।

জনকৰ জীউক দেখিলে বায়ু সুত।
মলিন স্বভাৱে মাৱ বসিছে ভূমিত॥
স্বৰ্গৰ পৰিল খসি যেন পূৰ্ণচন্দ্ৰ।
মলে আৱৰিয়া আছে নাহিকে আনন্দ॥৫৮৪
স্বামীৰ চৰণ দুই চিন্তন্তে আছন্ত।
মাথাৰ চেলাৰী[১] এক ভূমিত লোটন্ত॥
দেখি বায়ু-পুত্ৰৰ বিস্ময় ভৈল মন।
ভালেতো আকুল প্ৰভু ৰঘুৰ নন্দন॥৫৮৫
নাৰীৰ এনয় ৰূপ নতো দেখি শুনি।
আবে কোন কাৰ্য্য কৰো আছে মনে গুণি॥
ৰাত্ৰি গোট প্ৰভাত ভৈলেক দেখো হেৰ।
ৰাক্ষসে দেখিলে কাৰ্য্য হৈবে অথন্তৰ॥৫৮৬
এহি বুলি বায়ু সুতে ধৰি নিজ মায়া।
সিঙ্খপাতে আৰ ভৈলা অল্প কৰি কাঁয়া॥


  1. চেলাৰী-চেলে; তিৰোতাৰ গুঠিলোৱা চুলি।