পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১৩৯)

পাছে সব ৰাক্ষসীক বোলে লঙ্কেশ্বৰে।
যেনে তেনে বুজাইয়ো সীতা যেন বৰে॥
এহি বুলি আপোন মন্দিৰে চলি গৈল।
ৰাক্ষসীসকলে তাঙ্ক গৰ্জ্জিবাক লৈল॥৫৯৩
কতো বোলে শুন সীতা ভজ লঙ্কেশ্বৰ।
কতো বোলে শান্তী ধৰ্ম্ম ৰাৱণতে কৰ॥
কোনো জনী বোলে এইক খাওঁ মদ্যে সানি।
বৰিবিকি নবৰিবি কহ সত্য বাণী॥৫৯৪
আনো নানা বাক্য বুলি ৰাক্ষসিনীগণ।
মধ্যাহ্ন সময় ভৈলে কৰিলে শয়ন॥
সেহি বেলা বায়ু পুত্ৰে অবসৰ পাই।
কৰজোৰে বৃক্ষ হন্তে বোলন্ত বিনাই॥৫৯৫
দশৰথ তনয় শ্ৰীৰামচন্দ্ৰ ভৈলা।
পিতৃবাক্য পালি তেহোঁ বনবাসে গৈলা।
তহিতে সীতাক হৰি আনিলে ৰাৱণ।
এতেক বলিয়া মৌন ভৈলা হনুমান॥৫৯৬
প্ৰিয় কথা শুনি দেবী দশো দিশে চাইলা।
উৰ্দ্ধ দৃষ্টি কৰি বান্দৰক ভেট পাইলা॥
সীতায়ে বোলন্ত বাপু কৈৰ হন্তে আইলি।
মোহোৰ স্বামীৰ বাৰ্তা কেনমতে পাইলি॥৫৯৭


কাকৰা-কেকোৰা।