পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১৩২ )


শ্ৰীৰামৰ বাক্যে লাজ পাইল।
তেতিক্ষণে বান্দৰ মতাইল॥
জানকীৰ বাৰ্ত্তা কৰিবাক।
চৌদিশে পঠাইলা কপি জাক॥৫৫৯
নল, নীল, অঙ্গদ প্ৰভৃতি।
হনুমন্ত আৰো ঋক্ষপতি॥
দক্ষিণ দিশক এসম্বাক।
পঠাইলন্ত বাৰ্ত্তা কৰিবাক॥ ৫৬০
শ্ৰীৰামে হনুক মাতিলন্ত।
সমষ্ট সঙ্কেত কহিলন্ত॥
আৰো দিলা আঙ্গঠী হাতৰ।
গোপ্য কৰি লৈল কপিবৰ॥ ৫৬১
দণ্ডৱতে নমস্কাৰ কৰি।
লৰিলা দক্ষিণ দিশ ধৰি॥
নদ নদী পৰ্ব্বত চেৰালে।
এগোটা অসুৰ ভেট পালে॥৫৬২
তাক যুদ্ধে অঙ্গদে মাৰিলা।
গৈয়া ঘোৰ পৰ্ব্বতেক পাইলা॥
তাতেঃ চৰি পৃথিবী লখিলা।[১]
সৰষপ[২] সদৃশ দেখিলা॥ ৫৬৩


  1. লখিলা-দেখিলে।
  2. সৰষপ-সৰিয়হ।