পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৩৩ )


সমুদ্ৰকো গো-খোজ পৰাই।
দেখিল পৰ্ব্বতে চৰি যাই॥
তৈৰহন্তে দুখে নামিলেক।
তৃষ্ণাতুৰ সকলো ভৈলেক॥৫৬৪
জল চায়া ফুৰন্ত চৌদিশে।
গৈলা খেদি পক্ষীৰ উদ্দেশে॥
দেখিলন্ত ঘোৰ গৰ্ত্ত যাই।
অন্ধকাৰে আৱৰি আছয়॥ ৫৬৫
হাতা হাতি কৰি তৰিলন্ত[১]
পাছে দিব্য কন্যা দেখিলন্ত॥
আগবাঢ়ি তান্ত পুছিলন্ত।
সমস্ত বৃতান্ত কহিলন্ত॥ ৫৬৬
তান বাক্যে জলক পিলন্ত।
ক্ষুধা তৃষ্ণা সব এৰাইলা॥
তেহে সমস্তকে আদৰিল।
সবে গৈয়া হস্তত ধৰিল॥৫৬৭
ক্ষণেকতে গৰ্ত্তক এৰাইলা।
পাছে বিন্ধ্য পৰ্ব্বতক পাইলা॥
ঘোৰ ৰাত্ৰি তাতে বঞ্চিলন্ত।
অন্যো অন্যো কথা কহিলন্ত॥ ৫৬৮


  1. তৰিলন্ত—নামিল।